Show/Hide Keyboard Layout

জননী মোৰ পূজাৰে মন্দিৰ শুদা

- জ্যোতিপ্ৰসাদ আগৰৱালা

জননী মোৰ পূজাৰে মন্দিৰ শুদা

জাগা জননী মোৰ মৰণ মুগ্ধা

স্বৰ্ণ অনল দগ্ধা

জাগা জাগা

চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা

স্তব্ধ প্ৰশান্ত নীৰৱতা ভেদি

জাগা জাগা

অন্তৰবাসিনী জাগা

জননী গোঁসানী মোৰ জাগা জাগা

বিকশিত জীৱনৰ পদুমৰ আসনতে

জননী মোৰ জাগা

কৃষ্ণ কমল পদ সূতা অপৰূপা

মৰণ আলোকদীপ্তা

জাগা জননী মোৰ মৰণ মুগ্ধা ।।

Hits: 3856